তোমাৰ বাবেই কবিতা লিখিম

 তোমাৰ বাবেই কবিতা লিখিম

-------------------------------------------

তোমাৰ বাবেই কবিতা এটা লিখিম

 তুমি চোৱা মোলৈ

মোৰ বুকু কপি যোৱাকৈ

তোমাৰ দৃষ্টিৰ চমকত

ধুমুহা উঠক মোৰ হৃদয়ত

পাহাৰবোৰ খহি পৰক মোৰ বুকুত

সু উচ্চ চুনামী উঠি আহক মোৰ বুকুলৈ


বোকাত পোতগৈ মোৰ মৃত্যু হওঁক

পুৱতি সূৰ্যৰ পোহৰত  বুকুত গজি উঠিব

চিৰ উজ্জীৱিত ঘাহনি ডৰা

হৃদয়েৰে বৈ যাব এখনি নৈ

চকুত চেৰি ফুলবোৰ ফুলিব

তেতিয়া মই লিখি যাম

তোমাৰ নামত এটি অন্তহীন কবিতা


কবিতাৰ মাজত পৃথিৱীৰ সমস্ত

নৈ  জলপ্ৰপাত   প্ৰকৃতিৰ সংগীত

আকাশৰ নীলা সন্ধিয়াৰ মেঘমালা

ৰামধেনুৰ ৰংবোৰ  ফুলৰ সৌৰভ

সাগৰ গভীৰৰ মণি মুকুতা

-এই সকলোবোৰ শব্দৰে গুথিম


কবিতাটি নিৰলে শুনাম তোমাক

তুমি পূৰ্ণিমাৰ নিশাত মৃদু খোজেৰে

গোপনে আহিবা মোৰ কোঠালৈ

কপি থকা পৰ্দাবোৰ ৰোমাঞ্চকৰ হৈ

ৰৈ আছে তোমাৰ স্বাগতমৰ বাবে

দুৱাৰ খিৰিকীও খোলা আছে


আন্ধাৰৰ পোচাকযোৰ খুলি থৈ

ৰজনীগন্ধাৰ পোচাক পিন্ধি

মৃদু সুৰে গুনগুনাম এটি কবিতা

আমাৰ ওপৰত এটি এটি কৈ 

সৰিব জোনাকৰ ফুলবোৰ


মই টোপনি গলেও জগাই তুলিবা

জগাই ৰাখিবা চিৰদিনৰ বাবে

জোনাক নিশিৰ মৃদু বতাহত

তুমি মোৰ কাষতে বহিবা

ওৰে নিশা মই শুনাই যাম  কবিতা .......।


Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)