শেষবোৰ কেতিয়াও শেষ নহয়

 



শেষবোৰ কেতিয়াও শেষ নহয়
@ বেগম আছমা

শেষবোৰ কেতিয়াও শেষ নহয়
শেষবোৰে বনৰীয়া চৰাই হৈ
বতাহৰ বিপৰিতে উৰে
নিয়ৰতিক্ত ৰাতিৰ বুকুত
পথাৰৰ শস্যবোৰ কুটি কুটি খায়।

শেষবোৰ কেতিয়াও শেষ নহয়
শেষবোৰ ন-বেলিৰ কিৰণ হৈ খিৰিকিৰে
অধিকাৰবিহীনভাবে সোমাই আহে
ডাইনিংৰ চকী এখন দখল কৰে আৰু
ৰাতিপুৱাৰ চাহ কাপত চুমুক দিয়ে।

শেষবোৰ আবেলিৰ পৰিত্যক্ত বাট এটি হৈ
সোমাই আহে পদূলিলৈ
পদূলিৰ শেৱালীজোপাৰ তলত দোলনা দোলে
শেষবোৰে নতুনত্ব সন্ধান কৰে
ন ৰং - ৰূপ লৈ তাঁতৰ পাতত বহে।







Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)