উখুৱা চাউলৰ উপকাৰিতা



আমাৰ অসমত প্ৰায় সকলোৰে প্ৰিয় ভাত । আমি সকলোৱে একে ভাত খাওঁ যদিও বেলেগ বেলেগ চাউলৰ ভাত খাওঁ । কোনোবাই ঘৰুৱা চাউলৰ ভাত খায় কোনোৱে বাসমতি চাউলৰ ভাত খায় । বহুতেই উখুৱা চাউলৰ ভাত খায় । অসমত উখোৱা চাউলৰ ভাত গাঁৱৰ সকলোৰে পৰিচিত । কিছুমানে আকৌ জহা চাউলৰো ভাত খায় কিন্তু জহা চাউল আৰু বজাৰত পোৱা বিভিন্ন ধৰণৰ দামী দামী চাউলতকৈ উখোৱা চাউলৰ ভাতহে আটাইতকৈ ভাল।

ধান এবেলা পানীত  তিয়াই থৈ পিছলৈ সিদ্ধ কৰি  ৰ’দত শুকুৱাই উখুৱা চাউল প্ৰস্তুত কৰা হয়। এই চবি আমাৰ অসমৰ সকলোৰে পৰিচিত। গাঁৱৰ প্ৰায় ঘৰে ঘৰে আইতা , মা, বোৱাৰীসকলে কৰে।

উখুৱা চাউলৰ ভাতটো ডাঙৰ হোৱাৰ বাবে বহুতেই খাবলৈ অশান্তি পায় যদিও কাম কৰা লোকসকলৰ বাবে এই ভাত যথেষ্ট উত্তম। উখুৱা চাউলত যথেষ্ট পুষ্টিকৰ গুণ আছে। গুণগত দিশত উখুৱা চাউল আৰৈ চাউলতকৈ উচ্চ
উখুৱা চাউলৰ উপকাৰিতা-
 ১)উখুৱা চাউল মধুমেহ ৰোগীৰ বাবে উপকাৰী।
 ২)উখুৱা চাউলৰ ভাতে ৰক্তহীনতা প্ৰতিৰোধ কৰে।
৩)উখুৱা চাউলে হাড়, দাঁতৰ গঠন মজবুত কৰে।
৪)উখুৱা চাউলৰ ভাত খালে হজম শক্তি ভাল হয়।
৫)অৰ্শ ৰোগীৰ বাবে উখুৱা চাউল উপকাৰী।
৬)থাইৰয়ড থকা লোকে উখুৱা চাউলৰ ভাত খোৱাটো প্ৰয়োজন।
৭)মেদবহুলতা কমাবলৈ উখুৱা চাউল উত্তম।
৮)উখুৱা চাউল আমি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
৯)উখুৱা চাউল গেছ থকা লোকৰ বাবে যথেষ্ট উপকাৰী।
১০)উখুৱা চাউলে পাচন কাৰ্য্যত সহায় কৰে।

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)