গোন্ধ

 ॥গোন্ধ ॥

কুৱলী ভেদি নিষ্কৃয় বেলিটি নামি আহে

মেটমৰা বাহপাতেদি

চাৰিআলিৰ কেকুৰীত,

কাষত থিয় হৈ আছে এটি

জৰাজীৰ্ণ জুপুৰি ।

কেকুৰীতে পোহৰবোৰক আন্ধাৰে আগভেটা দিয়ে,

কি নিৰ্দয় আন্ধাৰ!

জুপুৰিৰ মধুচেদি ৰাতি তৰা এটি নামে

সপোনবোৰ বোকোচাত লৈ,

জুপুৰিটি জীৱন্ত হয়,

এৰা! জীৱন্ত,

হঠাৎ কচাইখানাৰ চিৎকাৰ?

জুপুৰিৰ পিৰালিয়েদি কিহৰ স্ৰোত এয়া?

ৰং দেখোন ৰঙা ,আৰু

 আৰু গোন্ধ ?

সপোন ! মানুহ নে মানৱতাৰ ?

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু