ইংৰাজৰ প্ৰথম শাসন প্ৰতিষ্ঠা আৰু ভাৰতৰ প্ৰথম স্বাধীনতা আন্দোলন


১৫৯৯ খ্ৰীষ্টাব্দ । "ইষ্ট-ইণ্ডিয়া কোম্পানী" প্ৰতিষ্ঠা কৰে ১৬০০ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা প্ৰাচ্যৰ সতে বেহা-বেপাৰ কৰিবলৈ ১৫ বছৰৰ বাবে অনুমতি পত্ৰ লাভ কৰিছিল । কিন্তু, ভাৰতত বেহা-বেপাৰৰ বাবে মোগল সম্ৰাটৰ অনুমতিৰ প্ৰয়োজন আছিল । ১৬০৯ খ্ৰীষ্টাব্দত তেনে এক অনুমতি লাভৰ বাবে কেপ্টেইন উইলিয়াম হকিন্সক মোগল সম্ৰাট জাহাংগীৰৰ ওচৰলৈ পঠিওৱা হৈছিল যদিও পৰ্টুগীজ সকলৰ প্ৰভাৱত সম্ৰাটৰ পৰা অনুমতি নাপালে । ১৬১৩ খ্ৰীষ্টাব্দত আন এজন ইংৰাজ ছাৰ থমাচ ৰোৱে জাহাংগীৰৰ দৰবাৰত তিনি বছৰ থাকি আগ্ৰা, চুৰাট, আহমেদাবাদত বাণিজ্যৰ কোঠ পাতিবলৈ অনুমতি লাভ কৰিছিল । ১৬১৩ খ্ৰীষ্টাব্দতেই প্ৰথম কুঠী স্থাপিত হয় সুৰটত । সেই সময়তে ফ্ৰান্সিস্ ডেই নামৰ এজন ইংৰাজ বেপাৰীয়ে মাদ্ৰাজ চহৰখন কিনি লৈ তাত ফোৰ্ট চেন্ট জৰ্জ নামৰ এটা কাৰখানা স্থাপন কৰিছিল ।  পিচে চাৰ্লছে সেইখন আকৌ ইষ্ট ইণ্ডিয়া কোম্পানীক পঞ্চাশ হাজাৰ ঋণৰ বিনিময়ত হস্তান্তৰ কৰিছিল । ১৬১৬ খ্ৰীষ্টাব্দত টমাছ ৰো নামৰ এজন ইংৰাজ ৰাজনীতিজ্ঞ ইংলেণ্ডৰ দূত হিচাপে ১৬১৬ খ্ৰীষ্টাব্দত উপস্থিত হয় সম্ৰাট জাহাঙ্গীৰৰ ৰাজসভাত । জাহাঙ্গীৰৰ বাবে লৈ আহিছিল বিলাতী সুৰা আৰু বিদেশী সুন্দৰী । জাহাঙ্গীৰে সেইবোৰত মুগ্ধ হৈ পৰিছিল । জাহাঙ্গীৰে সুন্দৰী সকলৰ আচল পৰিচয় আৰু সিহঁতৰ লক্ষ্য বুজিব পৰা নাছিল । সিহঁতেই জাহাঙ্গীৰত নাচ গান আৰু মদৰ নিচাত মত্ত কৰি প্ৰয়োজন অনুসৰি হাতৰ চাপ লৈছিল । জাহাঙ্গীৰৰ পৰাই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইচ্ছামতে শৰ্ত দি ভাৰতৰ বিভিন্ন স্থানত বিশেষকৈ অবিভক্ত বাংলাত বানিজ্য কৰাৰ আৰু কুঠি স্থাপনৰ  অধিকাৰ পাইছিল ।
১৬৫৫ চনত জব চাৰ্নক ইংলেণ্ডৰ পৰা ভাৰতলৈ আহে । আহিয়েই কাশিমবজাৰ কুঠিৰ অধ্যক্ষ পদ গ্ৰহণ কৰে । তৰে নবাবৰ লগত বিবাদ আৰম্ভ হয় । যাৰ বাবে বিশেষ পৰিকল্পনা লৈ ২৪ পৰগনা বৰিশা । তাৰে জমিদাৰ সাবৰ্ণ চৌধুৰী । জমিদাৰৰ লগত ইংৰাজসকলৰ সম্পৰ্ক অতি ঘনিষ্ঠ আছিল । জমিদাৰ সাবৰ্ণ চৌধুৰীৰ পৰা কালিঘাট ,গোবিন্দপুৰ ,সুতানুটি এই তিনিটা গ্ৰাম কিনি কলিকতা নগৰৰ পত্তন কৰে । তাৰ পিছৰ পৰাই কলকাতা বৃটিছ সকলৰ প্ৰধান ঘাটি হ'ল ।
১৬১৩ খ্ৰীঃ ত চুৰাটত প্ৰথম কুঠি স্থাপন কৰিলেও ১৬৯১ খ্ৰীঃত হুগলীত গঢ়া কুঠিটোৱে ইংৰাজ শাসন প্ৰতিষ্ঠাৰ প্ৰথম মাইলষ্টন ।
ইফালে ১৬৯০ খ্ৰীষ্টাব্দত জব চাৰ্ণক নামৰ কোম্পানীৰ বিষয়া এগৰাকীয়ে  পৰা বছৰি বাৰশ টকাৰ খাজানা দিয়াৰ বিনিময়ত কালী ঘাটা, সুতানুটি আৰু গোবিন্দপুৰ নামে তিনিখন গাঁৱৰ  আৰু পাছলৈ কলিকতা  জমিদাৰী স্বত্ব লাভ কৰি তাতে "ফৰ্ট উইলিয়াম" নামেৰে এটা বাণিজ্য কেন্দ্ৰ প্ৰতিষ্ঠা কৰিলে ।
বৃটিছ সকলে ভাৰতত ব্যৱসায়ৰ ক্ষেত্ৰখন দ্ৰুত গতিত প্ৰসাৰ কৰিবলৈ আৰম্ভ কৰিলে । অৱশ্যে ভাৰতয় সদাগৰ সকল পৰাক্ৰমী মোগল সাম্ৰাজ্যৰ দ্বাৰা  সুৰক্ষিত আছিল বাবে সিহঁতৰ প্ৰতিযোগীতা বন্ধ কৰাও সহজ নাছিল । কিন্তু ১৭০৭ চনত আওৰাঙ্গজেৱৰ মৃত্যুৰ পিছত মোগল সম্ৰাট সকল হৈ পৰে । তাৰ লগতে  সুদূৰ প্ৰসাৰিত সমুদ্ৰতীৰৰ ভূমিৰ ওপৰত তেওঁলোকৰ কৰ্তৃত্ব শিথিল হৈ পৰে ।এই সুযোগতে ইংৰাজে নিজৰ উন্নত নৌশক্তিৰ সহায়ত ভাৰতৰ উপকুলীয় বেহা বেপাৰৰ ক্ষেত্ৰৰ পৰা ভাৰতীয় সদাগৰ সকলক খেদি পেলালে ।
১৭১৫ খ্ৰীঃত মোগল সম্ৰাট ফাৰুখছিয়াৰৰ পৰা ইষ্ট-ইণ্ডিয়া-কোম্পানীয়ে এখন ফৰমান লাভ কৰিছিল । এই ফৰমানে বিনা শুল্কে সমগ্ৰ দেশত বেপাৰ কৰিবলৈ আৰু দেশত মুদ্ৰা বনাই প্ৰচলন ঘটাবলৈ সুবিধা আৰু অনুমতি প্ৰদান কৰিছিল ।      সেই সময়ত ভাৰতত ইংৰাজ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ প্ৰধান সমস্যা আছিল ইউৰোপৰেই ফৰাচী সকলৰ ফৰাচী ইষ্ট-ইণ্ডিয়া কোম্পানী । ফৰাচী ইষ্ট-ইণ্ডিয়া কোম্পানীয়েও সেই সময়ত দক্ষিণ-পূবৰ পণ্ডিচেৰী আৰু বংগদেশৰ চন্দননগৰত প্ৰধান ঘাটি পাতি ব্যৱসায় চলাই আছিল । সাম্ৰাজ্যবাদৰ সপোন দেখা ইংৰাজ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ বাবে তেওঁলোক হৈ পৰিছিল প্ৰধান অন্তৰাই । ১৭৪৫ খ্ৰীষ্টাব্দত ভাৰতত ইংৰাজ সকলে ফৰাচী জাহাজ ভাৰতৰ দক্ষিণ-পূব উপকূলত অৱৰুদ্ধ কৰাত ফৰাচী ইষ্ট-ইণ্ডিয়া কোম্পানীৰ গৱৰ্ণৰ যোচেফ ফ্ৰান্সিচ ডুপ্লেই ইংৰাজৰ অধিনত থকা মাদ্ৰাজ দখল কৰে । ইংৰাজে কৰ্ণাটকৰ নৱাবৰ সহায় বিচাৰিলে যদিও নৱাবৰ এক ডাঙৰ সামৰিক বাহিনী ফৰাচীৰ হাতত পৰাস্ত হৈছিল ।
১৭৪২ খ্ৰীষ্টাব্দ । লৰ্ড ক্লাইৱক ইংলেণ্ডৰ পৰা মাদ্ৰাজলৈ আহে । তেতিয়া তেওঁ এজন এগৰাকী  সাধাৰণ ডেকা । ১৭৪৮  সৈন্য বিভাগৰ  কৰ্মচাৰী হয় । 
সেই সময় ফৰাচী সকলৰ ভাৰতত প্ৰভাৱ যথেষ্ট আছিল । যিহেতু ইংৰাজ আৰু ফৰাচী সকলৰ লক্ষ্য একে আছিল ।আৰ্কটৰ নবাবৰ মৃত্যু হোৱাত ফৰাচী সকলে প্ৰতিনীধি হিচাপে থিয় কৰায় চাঁদ সাহাবক ,আনহাতে ইংৰাজ সকলৰ  মনোনীত প্ৰতিনীধি আছিল মহম্মদ আলি । লাগি গল দুয়ো পক্ষৰ যুদ্ধ । বৃটিচ সৈন্য বাহিনী লৈ  লৰ্ড ক্লাইভে মহম্মদ আলিৰ পক্ষত আৰ্কট আক্ৰমণ কৰে । এই যুদ্ধত ফৰাচী সকলোৰ পৰাস্থ হয় । ইয়াতেই ভাৰতত ফ্ৰাঞ্চৰ পতন হয় । গোটেই ভাৰতৰ মানুহে ভাবিলে আৰ্কাট ইংলেণ্ডৰ হাতত গুচি গল । কিন্তু চতুৰ ক্লাইভে সকলোকে আচৰিত কৰি মহম্মদ আলিক সিংহাসনত বহুৱায় ।  সকলোয়ে ক্লাইভৰ উদাৰতাত মুগ্ধ হ'ল ।ভাৰতবাসীয়ে তাৰ চতুৰতা নুবুজিলে ।
এইবাৰ নজৰ দিলে বাংলা বিহাৰ আৰু উড়িষ্যাৰ নৱাব চিৰাজউদ্দৌলাৰ পিনে । বাংলাৰ প্ৰথম নবাব আছিল মুৰ্শিদকুলি খাঁ । তাৰ পিছত  ক্ৰমে সুজাউদ্দিন, সৰফৰজ খাঁ , আলিবৰ্দি খা । আলিবৰ্দি খাৰ কোনো পুত্ৰ সন্তান নাতি চিৰাজউদ্দৌলাক সিংহাসনত বহুৱায় ।
ছিৰাজক সিংহাসন বহুৱাৰ পিছতেই ইংৰাজসকলে তাক অমান্য কৰি কলকাতাত ফোৰ্ট উলিয়াম দূৰ্গ গঢ়িবলৈ আৰম্ভ কৰে । নবাৱ ছিৰাজে খবৰ পাই লগে লগে সংবাদ যোগে আদেশ দিয়ে দূৰ্গ তৈয়াৰ বন্ধ কৰাৰ । ইংৰাজ সকলে তাৰ আদেশ আমান্য কৰি দূৰ্গ তেয়াৰ কৰা অব্যাহত ৰাখে । সেইবাবেই ছিৰাজে সৈন্য সামন্ত লৈ ইংৰাজ সকলক আক্ৰমণ কৰে । ছিৰাজে কলকাতা পুনৰ দখল কৰে । এই খবৰ বৃটিচ সেনাপতি ক্লাইভৰ কানত পৰে । ক্লাইভে সৈন্য সামন্ত লৈ আহি পুনৰ কলকাতা দখল কৰে ।এই যুদ্ধত ক্লাইভৰ চক্ৰান্তত ছিৰাজৰে বিশ্বাসভাজন কিছু হিন্দু মুছলমান বন্ধুয়ে  ছিৰাজৰ লগত বিশ্বাসঘাতকতা কৰাৰ উমান পায় । যাৰ বাবেই বাধ্য হৈ ১৭৫৬ খ্ৰীষ্টাব্দত ' আলিনগৰৰ সন্ধি ' নামে এক সন্ধিত স্বাক্ষৰ কৰে । এই সন্ধি অনুযায়ী ইংৰাজ সকল ফোৰ্ট উইলিয়াম দূৰ্গ নিৰ্মানৰ অধিকাৰ পায় । তাৰ পিছতে কিছুদিনৰ মাজতে ইংৰাজসকল বিশ্বাসঘাতকতা কৰি চন্দননগৰ দখল কৰে ।
ক্লাইভে চন্দননগৰত ঘটি গঢ়িল । আৰম্ভ হ'ল ক্লাইভৰ  বাংলাৰ নবাৱ ছিৰাজউদ্দৌলাক সিংহাসনচ্যুত কৰাৰ ষৰযন্ত্ৰ ।
বাংলা আছিল ভাৰতৰ মস্তিস্ক স্বৰূপ । চিৰাজক পদচ্যুত কৰিব পাৰিলে একপ্ৰকাৰ গোটেই ভাৰত হাতত অহাৰ দৰে হ'ব । ইপিনে সেই সময়ত ৰাজা কৃষ্ণচন্দ্ৰ , ধনকুবেৰ জগতশেঠ ,ৰাজবল্লভ, ৰাধাবল্লভ, কলকাতাৰ ডাঙৰ ব্যৱসায়ী উমিচাঁদ , গোবিন্দসিংহ আদিয়ে নবাবক পদচ্যুত কৰাৰ ষৰযন্ত্ৰ চলাই আছিল ।ইয়াৰ আৰত সাম্প্ৰদায়িক কাৰণ আছিল । আন এক কাৰণ আছিল  অৰ্থ । ব্ৰাহ্মণৰ পৰা ধৰ্মান্তৰিত মুৰ্শিদকুলিৰ খাঁৰ মৃত্যুৰ সময়ত সাত কৌটি টকা জগতশেঠৰ ওচৰত জমা আছিল , পিছলৈ সেয়া ঘূৰাই দিয়া নাছিল । সেই সময়ত ইংৰাজসকল শেঠ সকলক সিহঁতৰ ফলীয়া কৰে । ইংৰাজসকলেও সিহঁতক ৰক্ষনা বেক্ষনৰ প্ৰতিশ্ৰুতি দিয়ে । শেঠবোৰে ইংৰাজৰ যিমান টকা লাগে সিমানেই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে । এনে এক বৈঠকতে গোটেই ভাৰতৰ নবাব তথা ছিৰাজক উৎখাত কৰাৰ ষৰযন্ত্ৰ কৰে । এই বৈঠকত ক্লাইভো আছিল । জগতশেঠহঁতে আছিল ক্লাইভৰ ডাঙৰ অস্ত্ৰ । সিহতেই ষৰযন্ত্ৰ কৰি মীৰজাফৰ আলিক জগতশেঠৰ ঘৰত মাতি আনিলে । জগতশেঠৰ ঘৰতে আন আন সদস্যৰ লগতে লৰ্ড ক্লাইভো তাতে উপস্থিত আছিল । তাতেই মীৰজাফৰক জগতশেঠ আৰু উমিচঁদে বংগৰ নবাৱ পদৰ লোভ দেখুৱাই বুজাই মেলি সিহঁতৰ ষৰযন্ত্ৰত শামিল কৰে।
১৩ জুন ১৭৫৭ খ্ৰীষ্টাব্দ । ক্লাইভে তিনিহাজাৰ দুশ সৈন্য লৈ যুদ্ধ যাত্ৰা আৰম্ভ কৰে । চল-চাতুৰিৰে  ১৯  জুনত নবাৱৰ অধীনস্ত কটোয়া  ৰৱাৰ্ট ক্লাইৱে দখল কৰে । ২২  জুনত গঙ্গা পাৰ হৈ মাজৰাতি নদিয়া জিলাৰ সীমান্তৱৰ্তী এলেকা আমবাগান পায় ।  বংগৰ নৱাৱ চিৰাজউদ্দৌল্লাক ভাগীৰথী নদীৰ পাৰৰ পলাশী নামে ঠাইত বহুগুণ বেছি  অৰ্থাত পঞ্চাশ সাজাৰ সুদক্ষ সৈণ্য বাহিনী লৈ তৈয়াৰ আছিল । তালৈ ক্লাইভৰ কোনো ভয় নাছিল , কাৰণ আগৰ পৰাই  আমিৰ চাঁদ সকলে যুদ্ধ জয়ৰ জাল বুনাই ৰাখিছিল । যুদ্ধ আৰম্ভ হল যদিত সেনাপতি মীৰজাফৰ , ৰায়দূৰ্লভ আৰু অন্যান্য সেনাপতি নিষ্কিয়  হৈ থিয় দি ৰল । ক্লাইভৰ সৈন্যৰ আগত  বংগৰ সৈন্য সকল  এফালৰ পৰা ঢলি পৰিবলৈ আৰম্ভ কৰিলে । এই অৱস্থা দেখি সেনাপতিৰ বিনা অনুমতিত দেশৰ হকে , দহৰ হকে নবাৱৰ বিশ্বাসভাজন মীৰমৰ্দান বীৰৰ দৰে যদ্ধ চলাই যায় । তাৰ লগতে  মোহনলাল আৰু সিনফ্ৰে নামৰ সৈনিক দুজনো বীৰদক্ষে আগবাঢ়ে । সিহঁতে ইংৰাজ সকলক ধাৰাশায়ী কৰিবলৈ আৰম্ভ কৰিছিল । এটা সময়ত মীৰমৰ্দান ইংৰাজৰ গুলিত শ্বহিদ হয় । সেই দূৰ সংবাদত দিশহাৰা হৈ পৰে । এই সুযোগতে সেনাপতি মীৰজাফৰে আহি যুদ্ধ বন্ধ কৰিবলৈ অনুৰোধ কৰে । ৰায়দুৰ্লোভো আহি অনুৰোধ কৰাত ছিৰাজ যুদ্ধ বন্ধ ৰাখিবলৈ অনুমোদন কৰে । যুদ্ধ বন্ধ হ'ল ।ক্লাইভ সেই মুহূৰ্তৰে প্ৰতীক্ষাত আছিল । ক্লাইভৰ সৈন্য বাহিনীয়ে নবাৱৰ সৈন্য বাহিনীৰ ওপৰত নিৰ্বিচাৰে গলিবৰ্ষণ কৰিবলৈ ধৰিলে । নিৰুপায় হৈ সৈন্য বাহিনী যুদ্ধক্ষেত্ৰ পৰিত্যাগ কৰিলে । জগতশেঠৰ অৰ্থ আৰু মিৰজাফৰৰ বিশ্বাসঘাতকতাৰ বাবেই এই যুদ্ধত চিৰাজউদ্দৌল্লা পৰাস্ত হৈ বন্দী হয় আৰু মিৰজাফৰৰ পুত্ৰ মিৰাণৰ হাতত নিহত হয় ।
এই পলাশী যুদ্ধই  ভাৰতৰ স্বাধীনতাৰ বেলি অস্তমিত হয় । বৃটিছৰ ভেঁটি অধিক শক্তিশালীয়েই নহয় প্ৰায় মূখ্য শক্তিলৈ পৰিণত কৰিছিল । কাৰণ নবাবৰ প্ৰসাদত প্ৰকাশ্য লুটি নিয়ে । এই লুটৰ বাবদ ক্লাইভে প্ৰকাশ্যে পায় দুই লাখ আশী হাজাৰ টকা । লগতে ত্ৰিশটা জাহাজ ভৰ্তী ধন ৰত্ন লৈ গৈছে ক্লাইভৰ লগত ।
ইফালে ১৭৫৮ খ্ৰীষ্টাব্দত ফৰাচী আৰু ইংৰাজ কোম্পানী দুটাৰ মাজত হোৱা "ৱান্দিয়াছৰ যুদ্ধই" ভাৰতত ফৰাচী শক্তিক নোহোৱা কৰি বৃটিছ সাম্ৰাজ্যবাদৰ ভেঁটি নিশ্চিত কৰিছিল ।
ইংৰাজৰ লগত শাহ আলমৰ লগত নানা আক্ৰমণ , যুদ্ধৰ অন্তত ১৭৬৫ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দিল্লিৰ সম্ৰাট শাহ আলমৰ দৰবাৰত বছৰ ২৬ লাখ টকা কৰ দিয়াৰ চুক্তি কৰি  সম্ৰাটৰপৰা বংগ, বিহাৰ, উৰিষ্যাৰ স্বত্ব লাভ কৰে। পৰিণতিত ক্ৰমে মোগলৰ ৰাজত্ব ধ্বংস হ'বলৈ ধৰে আৰু এই সমগ্ৰ অঞ্চলজুৰি ইংৰাজৰ কৰ্তৃত্ব সুদৃঢ় হয়। আৰম্ভ হৈ গল তেওঁলোকৰ একনায়কত্ববাদ । ব্যাপক হাৰত কৰ তুলিবলৈ আৰম্ভ কৰে ।
ইফালে মোগল সকলে আঠশ বছৰীয়া ৰাজত্ব হেৰুৱাই ইংৰাজ সকলৰ বিৰুদ্ধে ঠাইয়ে ঠাইয়ে মুচমান সকলে দলে দলে বিপ্লৱ কৰিবলৈ আৰম্ভ কৰে ।কিন্তু ইংৰাজৰ কঠিন শক্তিৰ সন্মুখত বিদ্ৰহ দমন হৈছে । ইয়াৰ পৰিণতিতে ১৭৬৫ চনত উলেমা বিপ্লৱ হয় । মুচলমান উলেমাসকল , চুফি সাধক সকলে ইংৰাজৰ বিৰুদ্ধে প্ৰকাশ্যে সংগ্ৰাম কৰা আৰম্ভ কৰিলে । উলেমা আৰু চুফি সাধক সকলৰ নেতৃত্ব দিয়ে চেৰাগ আলি আৰু মজনু সাহ । এই আন্দোলনৰ মূল আহবায়ক আছিল মজনু শাহ ।মুজনু সাহেই এই আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।তাৰ নেতৃত্বতেই মূলত ইংৰাজ সকলৰ বিৰুদ্ধে সুসংগঠিত আন্দোলন গঢ়ি উঠে ।তেখেতেই প্ৰথম অনুধাৱন কৰে ইংৰাজৰ বিৰুদ্ধে জাতি ধৰ্ম নিৰ্বিশেষে সংগবদ্ধ হ'ব  লাগিব । যাৰ বাবেই তেখেত বিভিন্ন ঠাই ঘূৰি  উলেমা ,ফকিৰ ,সন্যাসী একত্ৰিত কৰে । এনেকি মোগল যুবৰাজ কিছুমানেও ফকিৰৰ বেশ ধৰি যুদ্ধত অংশ গ্ৰহণ কৰিছিল ।
সন্নাসী সকলৰ নেতৃত্ব দিয়ে ভবানী পাঠকৰ, দেবী চৌধুৰীৰ লগতে অন্য প্ৰমুখ্য কিছু ব্যক্তি । মজনু সাহৰ আহব্বানত সকলো একত্ৰিত হোৱাৰ লগতে সাধাৰণ মুছলমান মানুহো এই আন্দোলনত সহযোগ কৰে ।  মজনু সাহৰ নেতৃত্বত ইংৰাজৰ বিৰুদ্ধে বিভিন্ন ঠাইত যুদ্ধ চলিবলৈ ধৰে । ইয়াৰ ভিল্লেখযোগ্য হল ১৭৬৩ খ্ৰীষ্টাব্দত বিপ্লৱী সকল আৰু  ইংৰাজ বাহিনীৰ লেফটেনেন্ট মৰিসনেৰ যুদ্ধ । ১৭৬৯ ইংৰাজ সেনাপতি কিথক হত্যা কৰে । ইপিনে ইংৰাজ সকলে জোৰ কৰি  নীল খেতি আৰম্ভ কৰে ।বঙ্গদেশত প্ৰথমবাৰৰ বাবে নীল খেতি আৰম্ভ কৰে বোনাৰ্দ নামৰ এজন বিদেশী । মি. ক্যাবেল ব্লমে নীলখেতিৰ ব্যৱসায় আৰম্ভ কৰে । অনা বৰষুণ আৰু নীল খেতিৰ বাবে ১৭৭০ চনত বংগদেশ আকাল দূৰ্ভিক্ষ শ্বিকাৰ হয় । বহুত কৃষক এই আকালত মৃত্যু হয় , গৃহহীন হয় । তেতিয়া সাধাৰণ জনসাধাৰণ তথা কৃষক সকল এই আন্দোলনত জপিয়াই পৰে । যাৰ বাবে এই আন্দোলন বিভিন্ন ঠাই যেনে ৰংপুৰ ,দিনাজপুৰ , বগুৰা ,আসাম,মালদাহ , নেপাল,বিহাৰ উত্তৰ প্ৰদেশ আদি ঠাইলৈ বিস্তাৰিত হয় ।
১৭৭২ চনত  ওৱাৰেন হেষ্টিংসক ভাৰতৰ প্ৰথম গবৰ্ণৰ জেনাৰেল হিছাপে প্ৰত্যক্ষভাবে শাসনভাৰ তুলি দিয়া হয় । হেষ্টংস গবৰ্ণৰ হৈ আহি কঠিন নীতি নিয়ম নিৰ্ধাৰণ কৰিবলৈ আৰম্ভ কৰে । আৰু বিদ্ৰোহবোৰ কঠোৰ হাতে দমন কৰিবলৈ নিৰ্দেশ দিয়ে । তাৰোপৰি বিপ্লৱী সকল যাতে কোনো অস্ত্ৰ হাতত নলয় তাৰ নিৰ্দেশ দিয়ে । ফলশ্ৰুতিত বিদ্ৰোহী সকল আৰু উগ্ৰ হৈ উঠে ।
নানা ঠাইত বিদ্ৰহ চলিয়েই থাকিল । কঠোৰ দমন নীতিৰ পিছতো ১৭৭৩ ত ৰংপুৰৰ কেপ্টেইন টমাচক হত্যা কৰে । ইংৰাজৰ বিভিন্ন কুঠি লুন্ঠন কৰে । ধন সম্পদবোৰ জনতাৰ মাজত বিতৰণ কৰে । ২৬ বছৰ ধৰি মজনু সাহৰ নেতৃত্বত ইংৰাজৰ বিৰুদ্ধে সৰু ডাঙৰ যুদ্ধ হয় ।
এই সময়তেই ইষ্ট ইণ্ডীয়া কোম্পানীয়ে বঙ্গদেশত প্ৰচুৰ পৰিমানে নীল খেতি কৰাৰ পৰিকল্পনা গ্ৰহণ কৰে ।  কোম্পানীয়ে নীল খেতিত গুৰুত্ব দিয়াৰ লগতে অত্যাধিক কৰ তুলিবলৈ আৰম্ভ কৰিলে । কাৰণ ভাৰতত আৰু সাগৰত ৰণ কৰিবলৈ নৌ আৰু স্থল বাহিনীৰ খৰচ যোগাবলৈ কোম্পানীৰ প্ৰয়োজন হৈছিল সৰহ ধনৰ । তেতিয়া বৃটিছ চৰকাৰ অথবা কোম্পানীৰ হাতত এনে বিশাল সম্পত্তি নাছিল । তেতিয়া অৰ্থনৈতিক দিশত ইংলেণ্ডো ভাৰতৰ সমসাময়িক আছিল । ভাৰত ঐশ্বৰ্য্য বিভূতিৰে ভৰপূৰ আছিল । বৃটিছৰ প্ৰয়োজনীয় ধন ভাৰতৰ পৰাই সংগ্ৰহ আদায় কৰাত লাগিল । কোম্পানীয়ে উপকূল ভূমিৰ সুৰক্ষিত নগৰ কলকাতা , মাদ্ৰাজ , বোম্বাইত স্থানীয় শুক্ল আদায় কৰাত লাগিল ।আৰ্থিক সমল বৃদ্ধি কৰিবলৈ কোম্পানীয়ে নিজৰ অধীনত থকা অঞ্চলৰ আয়তন বঢ়াবলৈ ধৰিলে । অৱশ্যে এই কাম ১৭৫০ চনতেৰ পিছৰ পৰাই আৰম্ভ হৈছে  । বঙ্গদেশ আৰু দক্ষিণ ভাৰতক কোম্পানীৰ দখললৈ অহাত ।
১৭৬৫ চনৰ পৰা ১৭৭০  চনলৈকে বঙ্গদেশৰ পৰা কোম্পানীয়ে বয়বস্তুৰ আকাৰত মুঠ খাজনাৰ শতকৰা প্ৰায় তেত্ৰিছ ভাগ ধন বহিৰলৈ পঠিয়ায় । ভাতত খটোৱা বৃটিছ পূঁজিৰ ওপৰতো সুদ আৰু মুনাফা আদায় কৰিছিল ।তাৰোপৰি ভাৰতীয় সদাগৰ , চাকৰীয়াল আৰু জমিদাৰ সকলৰ পৰা বে আইনী ধন সংগ্ৰহ কৰি বুজন পৰিমানৰ ধন বাহিৰলৈ পঠিয়াই দিয়ে । ভাৰতৰ পৰা শুহি লৈ যোৱা এই সম্পদে ইংলেণ্ডত ঔদ্যোগিক উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হল ।
ইংৰাজ সকলৰ দ্বাৰা সৃষ্টি কৰা জমিদাৰ , দেশীয় ৰজা সকলে নিষ্ঠুৰ ভাবে জনতাৰ তেজ শোষণ কৰিবলৈ আৰম্ভ কৰিলে । বেছিভাগ জমিদাৰ ইমানেই আছিল যে প্ৰজা সকল কৰ দিব নোৱাৰিলে আঠ ধৰনৰ শাস্তিৰ ব্যৱস্থা কৰিলে । আঠ ধৰনৰ শাস্তিৰ ভিতৰত আছে - বেত্ৰাঘাত , চৰ্মপাদুকাপ্ৰহাৰ , বংশ কাষ্ঠাদি দ্বাৰা বক্ষস্থল দলন । খাপৰা দি কান আৰু নাক মৰ্দন ,প্ৰচণ্ড ঠাণ্ডাত শৰীৰত পানী নিক্ষেপ কৰা বা পানীত নিক্ষেপ কৰা , চুনৰ ঘৰত বন্ধ ৰখা, কাৰাৰুদ্ধ কৰি অনাহাৰে ৰখা , গৃহ বন্ধ কৰি শুকান জলকীয়াৰ ধোৱা দিয়া ,ইত্যাদি ।

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)