এদিন যাম তোমাৰ চহৰত



এদিন যাম তোমাৰ চহৰত

যিদিনা তোমাৰ চহৰত ফাগুন আহিব

শিমুল ফুলবোৰ ফুলিব

নৈখনলৈ জোনটি নামি আহিব

আমি নৈ পাৰৰ শিমুল তলতে বহিম

তোমাৰ হাতত হাত থৈ , বুকুত মূৰ গুজি

পাৰ কৰিম প্ৰেমৰ হেজাৰ যুগ ।


এদিন যাম তোমাৰ চহৰত

যিদিনা তোমাৰ চহৰত

কপাহী তুলাৰ দৰে বৰফ সৰিব

বাটবোৰ বৰফে ঢাকি দিব

চেৰি ফুলৰ পাহিবোৰ ঠাণ্ডাত কপি উঠিব

সেইদিনা বৰফৰ চাদৰখন উৰি

তোমাৰ বুকুত শুই পৰিম ।


এদিন আহিম তোমাৰ চহৰত

যিদিনা তোমাৰ চহৰত  বসন্ত আহিব

ডাল ভৰি ভৰি মদাৰ ফুলিব

ন বৰষুণে মাটিৰ সুবাস বিলাব

কুহিপাতেৰে অৰণ্যখন সেইজীয়া হ'ব

সেইদিন অৰণ্যৰ মাজৰে যোৱা

অন্তহীন বাটত আমি হেৰাই যাম ।

এদিন যাম তোমাৰ ...........।


Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)