নৱাব চিৰাজ



 অনুজ্বল সূৰ্য্যৰ পোহৰ। আকাশত ঠায়ে ঠায়ে কলা মেঘ জমা হৈছে। ৰাতিপুৱাৰ পৰা কাউৰীৰ কা কা মাত শুনা গৈছে । নানা ইঙ্গিতে দিনটো দুঃ সংবাদৰ ইংগিত বহন কৰি আছে যেন লাগি আছে। তাৰ মাজতেই নৱাব চিৰাজ সোদলবলে গৈ গঙ্গাৰ পাৰত উপস্থিত হল। হঠাৎ নৈত পানী চাকনৈয়াৰ দৰে উথলী উঠি নৈ পাৰ ভাঙি পৰিল। সৈনিক সকলৰ বহুতেই যাত্ৰাৰ সময়ত এয়া শুভ লক্ষণ নহয় বুলি নবাব চিৰাজক কলে। নবাব চিৰাজৰ মনত কিছু শঙ্কা জাগিলেও সৈন্য বল আৰু নিজৰ ওপৰত বিশ্বাস ৰাখি সকলো শঙ্কা মনৰ পৰা আঁতৰাই পলাশীৰ আমবাগান অভিমুখে ৰাওনা হল। পলাশিৰ আম বাগানত উপস্থিত হৈ সকলোৱে মিলি যুদ্ধ জয়ৰ বাবে চালাত আদায় কৰিলে।

মধ্য ৰাতি ক্লাইভে তিনিহাজাৰ দুশ সৈন্যলৈ গঙ্গা নদী পাৰ হৈ পলাশীৰ আমবাগানত প্ৰৱেশ কৰিলে। পঞ্চাশ হাজাৰ সৈন্যৰ সন্মুখত মাত্ৰ তিনি হাজাৰ সৈণ্য লৈ যুদ্ধ আৰম্ভ কৰিলে ক্লাইভে। ধনু কাঁড়, তৰোৱাল, বন্দুক - বাৰুদ লৈ ৰণ আৰম্ভ হল। অন্য যুদ্ধৰ দৰে এই যুদ্ধ আৰম্ভ নহল। এয়া যেন পুতলা খেল হে। নবাৱৰ যুদ্ধৰ মুখ্য সেনানায়ক দুজন ক্ৰমে মিৰ্জাফৰ আৰু ৰায়দুৰ্লভ যুদ্ধৰ পৰা বিৰত হৈ ৰ'ল । পুতুলাৰ দৰে মাজে মাজে যুদ্ধৰ অভিনয় কৰিবলৈ ধৰিলে । ক্লাইভ ৰ সৈন্যই নবাবৰ সৈন্যক এফালৰ পৰা গুলিয়াবলৈ ধৰিলে। সৈন্য বোৰ বিতত হৈ পৰিল। কি কৰিব নকৰিব উৱাদিশ পোৱা নাই। এই অৱস্থাত মীৰমৰ্দানে নবাবৰ বিনা অনুমতিতে মোহনলাল আৰু সিনফ্রেক লগত লৈ যুদ্ধ আৰম্ভ কৰিলে। তুমুল যুদ্ধ আৰম্ভ হল। মীৰমৰ্দানৰ নেতৃত্বত যুদ্ধ জয়ৰ দিশে আগবাঢ়িল । মুখ্য সেনা নায়ক দুজন যুদ্ধত লিপ্ত নহলেও ক্লাইভৰ সৈন্যই নবাবৰ সৈন্যক যুদ্ধ জয়ৰ গতিক স্তিমিত কৰিব পৰা নাই। তীব্ৰ গতিত আবাঢ়িছে জয়ৰ দিশে। বিপক্ষই মীৰমৰ্দানক লক্ষ্য কৰি ললে যুদ্ধৰ গতি স্তিমিত কৰিবলৈ। কিছুসময় যুদ্ধৰ অন্তত মীৰমৰ্দান বিপক্ষৰ গুলীত শ্বহীদ হল।
নবাব চিৰাজ নিজ শিবিৰতে সিংহাসনত বহি আছে। যুদ্ধ জয়ৰ গৰ্ব মনত থাকিলেও তাৰ মুখ মণ্ডলত চিন্তাৰ চাপ। যুদ্ধৰ নানা খবৰে কিছু চিন্তিত কৰি তুলিছে। এনেতে এজন প্ৰহৰি সোমাই আহিল নবাবৰ শিবিৰত। প্ৰহৰী জন অলপ আগতেই আহি ভাল খবৰ দি গৈছিল। হঠাৎ ইমান উধাতু খাই দৌৰি অহা দেখি চিৰাজে সুধিলে-
' কি খবৰ কাশী, ইমান শংকিত কিয় তুমি?'
' হুজুৰ, এটা দু: সংবাদ।'
' কিনো দুঃ সংবাদ, সোনকালে কোৱা।'
' হুজুৰ , আপোনাৰ বিশ্বাসী মীৰ মৰ্দন বিপক্ষৰ গুলীত নিহত হৈছে।'
কথাখিনি শুনিয়েই নবাব দিশহাৰা হোৱাৰ দৰে হল। এই কষ্টই নবাৱক চেপি ধৰিলে। নবাৱে থিয় হোৱাৰ পৰা বহি পৰিল, যেন তাৰ হাত ভৰিৰ শক্তি নোহোৱা হৈ পৰিছে। তাৰ মৃত্যুত নবাব বিতত হৈ পৰিল। নবাবক কাশিয়ে (প্রহৰী) কিবা কবলৈ মুখ খুলিছেহে মাত্ৰ, এনে সময়ত মুখ্য সেনাপতি মিৰ্জাফৰ আৰু মীৰ মৰ্দান সোমাই আহিল।
মীৰ জাফৰে কাশীক বাহিৰত যাবলৈ নিৰ্দেশ দিলে। কাশীয়ে তল মূৰ কৰি অসহায় ভাৱে ওলাই গল। বন্ধু যেতিয়া শত্ৰু হয় তেতিয়া নিশ্চিত জয়ো পৰাজয়ৰ দিশে আগবাঢ়ে। কথাষাৰ তাৰ মনতে পাক ঘূৰ্নি হৈ থাকিল।
মহাৰাজ, আজিৰ পৰিস্থিতি ভাল দেখা নাই, আমাৰ বহু সৈনিক ইতিমধ্যে সহাদত বৰণ কৰিলে, এনেকৈ যুদ্ধ থাকিলে আমাৰ পৰাজয় নিশ্চিত, গতিকে মহাৰাজ এই ৰাতি খন যুদ্ধ বন্ধ কৰাই উত্তম হব। মীৰ জাফৰে কলে ' হয় মহাৰাজ আজি যুদ্ধ বন্ধু কৰাই উত্তম হব। ৰাতিপুৱা ভাবি চিন্তি নতুনকৈ যুদ্ধ আৰম্ভ কৰা উত্তম হব। মীৰ মৰ্দানে মীৰ জাফৰৰ কথাত হয়ভৰ দিলে।
' অসম্ভৱ আমি যুদ্ধ বন্ধ কৰিব নোৱাৰো। এটা অঘটন হল বুলিয়ে যুদ্ধ পৰাজয় সম বুলি ভবা অনুচিত। আমাৰ জয় নিশ্চিত, আপোনালোকে যুদ্ধ চলাই যাওক।
' মহাৰাজ, মই আপোনাক কৰ যোৰে অনুৰোধ কৰিছোঁ, আপুনি এই যুদ্ধ বন্ধ কৰক, নহলে আমাৰ সৰ্ব নাস্ত হব।
মীৰ মৰদানে কোৰ যোৰে অনুৰোধ কৰিবলৈ ধৰিলে। মীৰ জাফৰ আৰু মীৰ মৰ্দানৰ অনুৰোধ মৰ্মে চিৰাজ যুদ্ধ বন্ধ ৰ অনুমোদন প্ৰদান কৰিলে। যুদ্ধ বন্ধ ৰ ঘোষণা হোৱাৰ লগে লগে ক্লাইভৰ সৈনিক সকলে নবাবৰ নীৰৱ সৈনিক সকলৰ ওপৰত গুলিবৰ্ষণ আৰম্ভ কৰি দিলে। সকলো সৈন্য মন্ত্ৰী বিতত হৈ পৰিল। অতৰকিতে হোৱা এই আক্ৰমণৰ বাবে হাজাৰ হাজাৰ সৈন্য মিলিও ইংৰাজৰ অল্প সংখ্যক সেনানীৰ গতি স্তিমিত কৰিব পৰা নাই।
নিৰ্বিচাৰে আৰম্ভ কৰা গুলি বৰ্ষণত অসংখ্য অসংখ্য সৈনিক গুলি বিদ্ধ হৈ ৰণক্ষেত্ৰত ঢলি পৰিল। তেজেৰে l লুটুৰি পুতুৰি হৈ পৰিল ৰণক্ষেত্ৰ । জীৱিত সৈন্য সকল যুদ্ধক্ষেত্ৰ এৰি পলাবলৈ ধৰিলে। চাৰিওফালে হুৱা - দুৱা লাগি গল। নৱাবেও বিতত হৈ পৰিল। একো বুদ্ধি নাপাই
যুদ্ধক্ষেত্ৰৰ পৰা পলাই যোৱাৰে সিদ্ধান্ত ললে। যুদ্ধক্ষেত্ৰৰ পৰা মুৰ্শিদাবাদ পঞ্চাছ মাইল দূৰ । চিৰাজ উটৰ পিঠিত চেপি থাকি পিছৰ দিন পুৱা ৰাজধানী পালে। ৰাজমহলত সোমাইয়ে ৰাজমহল এৰাৰ যো জা কৰিলে। ৰাতি তিনি বাজিছে নবাবৰ কিছু বিশ্বাস ভাজন আত্মীয় কি হিজৰা আৰু নবাঁৱৰ প্ৰিয়তমা পত্নী লৎফা- উন- নিশাক লৈ ৰাজমহলৰ পৰা ওলাল। নবাৱ আৰু বেগম শৰীৰত সাধাৰণ বেশভুষা । কাৰো শৰীৰত ৰাজপৰিয়ালৰ কোনো চিন চাব নাই। আচাদনেৰে ঢাকি লোৱা গাড়ীত উঠি সিহঁত ৰাজপ্ৰসাদ এৰিলে।
মুৰ্শিদাবাদৰ পৰা পোনে পোনে ভগৱান গোল গৈ পালে। দুদিন ধৰি অনাহাৰি নবাব, বেগম আৰু আত্মীয় স্বজন। ভোকে পিয়াহে ভাগৰি পৰিছে সকলোৱে। ভগবান গোলতে জিৰণি লোৱা সিদ্ধান্ত কৰিলে। সকলোৱে মিলি খিচুৰি ৰান্ধি খাই ললে।
ইপিনে মিৰজাফৰ আৰু ক্লাইভ পলাচিতে আছে, মিৰ্যাফৰে নিজ তম্বুত আৰাম কৰি থাকোতেই ক্লাইভে এটা চিৰকুট পঠাইছে মিৰ্জাফৰলৈ। ' চিৰকুট ' টো যিজনে আনিছে তেওঁৱেই সেইখন পঢ়ি শুনাবলৈ ধৰিলে- এই জয়ৰ কাৰণে মই আপোনাক অভিনন্দন জনালোঁ, আশা কৰোঁ আপোনাক নবাব ঘোষণা কৰিব পাৰি নিজে সন্মান বোধ কৰিম।
ক্লাইভে পঠোৱা চিৰকুটৰ কথাখিনি শুনিয়েই মিৰ্জাফৰৰ সগৰ্ভে বুকু ফুলি উঠিল। মিৰ্জাফৰৰ মুখণ্ডলত ৰাজকীয় অহংকাৰ ভাৱ ফুটি উঠিল।
বেলি পূৱৰ পৰা পশ্চিমলৈ যাবলৈ ধৰিলে। তাৰ লগতে মিৰজাফৰৰ মন অজান সংকাত ভৰি পৰিব ধৰিলে। মিৰ্জাফৰক পৰিশ্ৰান্ত আৰু চিন্তাগ্ৰস্থ দেখা গল। এসময়ত তেওঁ নিজ তম্বু এৰি ক্লাইভৰ তম্বুলৈ গল। ক্লাইভৰ তম্বুত ক্লাইভৰ লগতে লৰ্ড হাননিয়ে তাক স্বাগত কৰি যুদ্ধ জয়ৰ অভিবাদন জনালে। মিৰ্যাফৰক আনন্দৰ মাজতে চিন্তাক্লিষ্ট দেখা গল। মিৰ্জাফৰক চিন্তাক্লিষ্ট মুখ দেখি ক্লাইভে চতুৰতাৰে কলে- আপোনাৰ এতিয়াই ৰাজধানী মুৰ্শিদাবাদৰ পিনে ৰাওনা হোৱা উচিত। চহৰ খন নিজৰ অধীন কৰি লওক , আপোনাৰ লগত কৰ্ণেল ওৱাটস ও যাব। মিৰ্জাফৰে এই কথা শুনা মাত্ৰই আনন্দিত হৈ পৰিলে। নিজকে নবাব ভাবিবলৈ ধৰিলে।
সময় বাগৰিল। এদিন এজন ফকীৰে ৰাজদৰবাৰত হাজিৰ হল। ফকীৰ জনে চিৰাজৰ সম্ভেদ দিলে। লগে লগে মীৰজাফৰ আৰু তাৰ জোৱাই মিলি সৈন্য বাহিনী লৈ নৈ পাৰ হৈ সেই এলেকা ঘেৰী পেলালে। তাৰ পৰাই চিৰাজক লগতে সকলকে কৰায়ক্ত কৰিলে।
ৰাতি বাৰ বজাৰ সংকেত ঘড়ীত। চাৰিও ফালে ৰহস্য ময় অন্ধকাৰ। দূৰৈৰ পৰা ফেঁচাৰ মাত ভাঁহি আহিছে। ঘোঁৰা বোৰে বিকৃত শব্দ কৰি আছে। জয়াল এক পৰিৱেশৰ মাজত সিৰাজক মিৰজাফৰৰ ৰাজদৰ্বাৰত হাজিৰ কৰোৱা হল। তাৰ অৱস্থা দেখি যেন ৰাজদৰবাৰৰ প্ৰতিটো বস্তুৱে বেদনাত ম্রীিয়মান। কেইদিনমান আগতে তেওঁ এই দৰবাৰৰ নৱাব আছিল আৰু এতিয়া হাত ভৰিত শিকলি। চকু মুখ ভয়ৰ চাপ।
যি সিংহাসনত তেওঁ বহিছিল তাত আজি বিশ্বাস ঘাতক মিৰজাফৰ বহি আছে। দামী ৰত্ন মচিত কেইবাটাও গহনা তাৰ গলত। ৰাজমুকুট মূৰত। অসংকাৰ চকুত। বিশ্বাস ঘাতক মিৰজাফৰক এনেকৈ সম্মুখত দেখি চিৰাজৰ অন্তৰ ভাঙি আহিল। তথাপিও প্ৰাণৰ মায়াত ছ চিৰাজে নৱাবৰ ওচৰত আঠুকাৰি প্ৰাণ ভিক্ষা খুজিবলৈ ধৰিলে।

মিৰজাফৰ ৰাজ অহংকাৰত অহংকাৰিত হৈ থাকিলেও চিৰাজৰ চকুত চকু মিলাব পৰা নাই। মিৰজাফৰৰ চকুৰ সন্মূখত ভাহি উঠিল কেনেকৈ তাক বিশ্বাস ঘাতকতা কৰা হল।
যুদ্ধৰ এসপ্তাহ মান আগৰ ঘটনা। জগত শেঠে মিৰ জাফৰক তাৰ ঘৰলৈ মাতি পঠিয়ালে।
সেই মতে সেইদিনা ৰাতি মিৰ্জাফৰ জগত শেঠৰ ঘৰ গৈ ওলাল। মিৰ্জাফৰ অহাৰ সময়তেই পালকিত কৰি এজনী মহিলাও আহিল। মিৰ্জাফৰৰ সন্মুখতেই মহিলা গৰাকী নামিল। ভিতৰত সোমায়েই মহিলা গৰাকীয়ে বেশভুসা খুলিলে। মিৰ্জাফৰৰ চকু থৰ লাগি ৰল। আচলতে মহিলাৰ পোছাক পৰিহিতা সেয়া মি: শুৱাটস । তেওঁক ইংৰাজৰ দূত হিচাপে অনা হৈছে। জগত শেঠৰ ঘৰত তাৰ লগতে তাৰ আগৰে পৰাই উপস্থিত আছিল ৰজা কৃষ্ণ চন্দ্ৰ, ধন কুবেৰ উমিচন্দ্ৰ, ৰজা ৰাজভল্লভ , ৰাধাভল্লভ, ৰজা মহেন্দ্ৰ ৰায়, গোবিন্দ সিংহ আদি কৰি বহুকেইজন ডাঙৰ ডাঙৰ ব্যক্তি। তেওঁলোকৰ ইচ্ছা সিংহাসনৰ পৰা মুচলমান নবাব আঁতৰাই হিন্দু নৱাব বহোৱা পিছে সেয়া সম্ভৱ নহব বুলি চিন্তাত পৰিছে। এজনে এই কথা উল্লেখ কৰিলে পিছে ৰজা কৃষ্ণ চন্দ্ৰই সেই কথা ঢাকিবলৈ মিৰ্জাফৰৰ ফালে চাই থতমত হৈ কলে-
' মিৰ্জাফৰক নবাব বনাই , আমি চিৰাজক আঁতৰাব বিচাৰোঁ।'
সকলো কথা বৰ্ত্তা শুনি সিহঁতৰ উদ্দেশ্য বুজি পাই মী: শুৱাটসে কলে-
' আপোনালোকক কোম্পানীৰ তৰফৰ পৰা সকলো সা- সুবিধা আগবঢ়োৱা হব, কিন্তু আপোনালোকে বিচৰা ধৰণে চিৰাজক সিংহাসনচ্যুত কৰি হিন্দু ৰজা বনালে বঙ্গৰ লগতে গোটেই ভাৰতবর্ষৰ মুচলমান সকলউত্তেজিত হব, যাৰ বাবে চিৰাজৰ আত্মীয় মীৰজাফৰক সিংহাসনত বহাব লাগিব। কিন্তু চিৰাজৰ লগত যুদ্ধ কৰিবলৈ আমাৰ হাতত পৰ্য্যাপ্ত ধন নাই। মি: ওৱাটস ।
' যিমান টকা দিছোঁ আপোনালোকক আৰু যিমান দৰকাৰ হয় মই দিম আপোনালোকক , চিন্তা নকৰিব।
- জগৎসেঠ মাজতে উত্তৰ দিলে।
: সকলো ঠিক ঠাক থাকিলে আমি আমাৰ উদ্দেশত সুফল হম নে কি কয় আপোনালোকে?
' হয় হয়, পিছে মীৰজাফৰ তুমি মান্তি নে?
' এয়া কেনেকৈ সম্ভৱ, মই নবাব আলী বৰ্দিৰ আত্মীয়, সেই হিছাপে চিৰাজ মোৰ আত্মীয়, তেনেস্থলত ?
- মীৰজাফৰ ।
: আমি তো চিৰাজক মাৰি নেপেলাম অথবা আমিও নৱাব হব বিচৰা নাই, অকল তাক সিংহাসনচুত কৰি আপোনাক বহাবো বিচাৰোঁ। আপুনি হব গোটা বঙ্গৰ নবাব। সকলোৱে আপোনাক গভীৰ শ্ৰদ্ধা কৰে আৰু কৰিব। - উমিচান্দে মীৰজাফৰৰ সন্মুখত সপোনৰ মায়া এটি আঁকি দিলে। মীৰজাফৰ তাত নিজকে নবাব হিচাপে দেখিব ধৰিলে। তাৰ চকুত লালসাৰ ৰং বিয়পি পৰিল। সি মান্তি হল চিৰাজক সিংহাসনত বহাত সিহঁতক সহযোগ কৰিবলৈ ।
আৰম্ভ হল ষডোযন্ত্ৰৰ জাল। বহু ৰাতিলৈ আলোচনা বিলোচনা কৰি সকলো পৰিকল্পনা কৰা হল। মীৰজাফৰ সেই পৰিকল্পনা হাতত লৈ আগবাঢ়িল ৰাজমহল লৈ। ৰাতি পূৱাল। নবাবৰ অজ্ঞাত দূতে নবাব চিৰাজক জনালে মীৰজাফৰৰ হাভ ভাৱ ভাল নহয়। তাক জগৎ শেঠৰ ঘৰত যোৱা দেখা গৈছে, বহু ৰাতি লৈ তাতেই আছিল বুলি খবৰ দিলে। সেই খৱৰ শুনি নবাবে মীৰজাফৰক ৰাজদৰবাৰত হাজীৰ হবলৈ আদেশ দিলে। কিছুসময়ৰ ভিতৰতে মীৰজাফৰ ৰাজদৰবাৰত অপৰাধীৰ কাঠগৰাত থিয় দিলে।
মীৰজাফৰ নজৰ মিলাব নোৱাৰি, সৈনিক সকলক আদেশ দিলে চিৰাজক মহলৰ অন্য দিশ লৈ যাবলৈ। চিপাহী সকলে চিৰাজক মহল বিপৰীত দিশে লৈ গল। মীৰজাফৰে ৰাজদৰবাৰৰ মন্ত্ৰী পৰিষদৰ লগত আলোচনাত বহিল। মন্ত্ৰী পৰিষদৰ দুই এজনে যুদ্ধ কথা আৰু বেছিভাগেই চিৰাজক কাৰাবন্দী কৰাৰ কথা কলে।
: এইটো সম্ভৱ নহয়, তাক জীয়াই ৰখাটো আমাৰ কাৰণে বিপদ, তাৰ শান্তি হোৱা উচিত মৃত্যুদণ্ড।
মীৰজাফৰ ইয়াত কোনো মতামত নিদিলে। কিন্তু মীৰজাফৰক বহুত চিন্তিত দেখা গল। সেই দেখি পুত্ৰ মিৰনে কলে- আপুনি এতিয়া বিশ্ৰাম লওক। পুত্ৰৰ কথাত অশান্ত হৈ পিছত ইয়াৰ সিদ্ধান্ত হব বুলি মীৰজাফৰ দৰবাৰ শেষ কৰি শোৱনি কোঠালৈ আগবাঢ়িল।
আনপিনে মীৰানে তাৰ বন্ধু লাল মহম্মদ আৰু কেই জন সহযোগীক লগত লৈ চিৰাজৰ ওচৰত গল। সিহঁতক দেখিয়ে ছিৰাজে বুজিলে মীৰানৰ উদ্দেশ , সেই বাবে চিৰাজে আবেদন কৰিলে- মোক হত্যা কৰাৰ আগত মোক ওজু কৰি নামাজ পঢ়িবলৈ অনুমতি দিয়া।
তাৰ কথা শুনি মীৰনে তাচিল্লকৰ ভাৱে এক ঘটি পানী আনি তাৰ ওপৰত ঢালি দিলে। চিৰাজে বুজিলে তাক অজু আৰু নামাজৰ অনুমতি দিয়া নহব। সি কাতৰস্বৰে আকৌ কলে- ' বাবা অলপ পানী খাবলৈ দিয়া।'
লগে লগে মহম্মদে চুৰিৰে আঘাত কৰিলে। বাকী সহযোগী বোৰেও তৰোৱালেৰে আঘাত হানিবলৈ ধৰিলে। চিৰাজৰ দেহ ৰক্তৰ নৈ ববলৈ ধৰিলে, কেই মিনিটৰ ভিতৰত তাৰ মূৰ তলমূৰহৈ পৰিল, মাটিত ঢলি পৰিল নিস্তেজ দেহ।
নিশেষ হৈ গল এটি সূৰ্য্যৰ, ভাৰতৰ আকাশৰ পৰা হেৰাই গল এটি উজ্জ্বল সূৰ্য্য।
বি:দ্ৰ: গল্পটো সতিহাসৰ আলম লৈ লিখা। ঘটনাৰ আৰৰ ঘটনাবোৰ লৈ এই গল্প।

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)