প্ৰাচীন কামৰূপ ৰাজ্যৰ ভাগ আৰু গোৱালপাৰা জিলা

 প্ৰাচীন কালত গোৱালপাৰা জিলাৰ পৰিসৰ বৃহৎ আছিল । বাংলাদেশ আৰু পশ্চিমবংগৰ বহুখিনি অঞ্চল সামৰি বৰ্তমানৰ ৰংপুৰ , কোচবিহাৰ , জলপাইগুৰিকে ধৰি এক বৃহৎ অঞ্চল গোৱালপাৰা জিলাৰ অন্তৰ্ভক্ত আছিল । তেতিয়া এই বৃহৎ অঞ্চলৰ নাম ' ৰত্নপীঠ ' আছিল।

গোৱালপাৰা ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা।
প্ৰাচীন কামৰূপ ৰাজ্য চাৰিটা ভাগত বিভক্ত আছিল -
১,পশ্চিমে কৰতোৱা নদীৰ ( বৰ্তমান বাংলাদেশত) পৰা পূৱে সোণকোষ নদীলৈকে ৰত্নপীঠ
২,সোণকোষৰ পৰা ৰূপহী নদীলীকে কামপীঠ
৩,ৰূপহীৰ পৰা ভৰালী নদীলৈকে স্বৰ্ণপীঠ।
4, ভৰলীৰ পৰা দিকৰাইলৈ সৌমৰপীঠ।
পশ্চমৰ সেই ৰত্নপীঠে অবিভক্ত গোৱালপাৰা জিলা । প্ৰাচীন কালত অসম প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ নামেৰে প্ৰসিদ্ধ আছিল । প্ৰাগজ্যোতিষপুৰৰ সীমা পশ্চিম কৰতোৱা নদী আৰু দক্ষিণে বংগোপ সাগৰলৈ বিস্তৃত আছিল । তেনেদৰে বৰ্তমান অসম , বাংলাদেশ আৰু ভূটান প্ৰাচীন কামৰূপ ৰাজ্যৰ অন্তৰ্গত আছিল । সেই প্ৰাচীন কালৰ ব্ৰহ্মপাল (আ: ৯৯০ -১০১০) কামৰূপৰ ৰজা হয় আৰু পাল বংশৰ পাতনি মেলে। অৱশ্যে ব্ৰহ্মপালৰ আগতে বহুতো বংশৰ বহুত ৰজাই এই কামৰূপত ৰাজত্ব কৰিছিল। ব্ৰহ্মপালৰ পিছৰ ৰজা ৰত্নপালৰ সময়ত (১০১০-১০৪০) ৰাজ্যৰ পশ্চিম অংশত ' গাল্লিটিপ্পক' বিষয়ত মহামণ্ডলিক আছিল ঈশ্বৰঘোষ। ঈশ্বৰঘোষৰ তাম্ৰলিপিত 'গাল্লিটিপ্পক'ৰ বিষয়ে উল্লেখ আছে । এই ' গাল্লিটিপ্পক'ৰ পৰাই পিছলৈ গোৱালপাৰা নাম হয় । ধৰ্মপালে ৰজা হৈ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰত হয়তো বৰ্তমানৰ উত্তৰ গুৱাহাটী। ধৰ্মপালে কামৰূপ নগৰ ৰাজধানীৰ পৰাই শাসন কৰিছিল। চীনা পৰিব্ৰাজক হিৱেনচাঙৰ টোকাৰ আঁত ধৰি চাৰ এডোৱাৰ্ড গেইটে মন্তব্য কৰিছে যে কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজধানী গোৱালপাৰা জিলা নাইবা কোচবিহাৰত আছিল।১৭৭৫ চনত গোৱালপাৰা জিলা বৃটিছসকলৰ অধীনলৈ যায় । বৃটিছসকলৰ হাতলৈ যোৱাৰ আগলৈকে গোৱালপাৰা কোচ ৰাজ্যৰ অন্তৰ্গত আছিল। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি যোগে বৃটিছে অসম দখল কৰে । ১৮২৬ চনত গোৱালপাৰা জিলাক বৃটিচ অসমৰ সৈতে সংযুক্ত কৰা হয় আৰু জিলাখনৰ সদৰ কাৰ্যলয় ধুবুৰীত স্থাপন কৰা হয়।..

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)